গুৱাহাটী : ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ (এন আৰ চি) চূড়ান্ত খচৰা প্রকাশৰ পাছত ৰাজ্যৰ পৰিস্থিতি উত্তপ্ত হৈ পৰাৰ সম্ভাৱনা প্রকট হৈ পৰিছে যদিও যিকোনো পৰিস্থিতি চম্ভালি ল’বলৈ অসম আৰক্ষী সাজু বুলি উল্লেখ কৰিছে আৰক্ষী সঞ্চালকপ্রধান কুলধৰ শইকীয়াই৷
যিবোৰ অঞ্চলত বৃহৎসংখ্যক লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰিব, সেই অঞ্চলসমূহৰ সম্ভাব্য পৰিস্থিতি নিয়ন্ত্রণৰ বাবে গৃহ বিভাগ তথা অসম আৰক্ষী সাজু হৈছে৷ আংশিক খচৰাত নাম প্রকাশ পোৱা ডেৰ লাখ লোকৰ নাম চূড়ান্ত খচৰাত বাদ দিবলৈ উচচতম ন্যায়ালয়ে কালি এন আৰ চি কর্তৃপক্ষক নির্দেশ দিয়াৰ পাছত এন আৰ চিক লৈ অসন্তুষ্ট লোকৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব৷
আংশিক খচৰাত থকা যিসকল লোকৰ নাম কর্তন কৰা হ’ব তেওঁলোকে নাম কর্তন কৰাৰ বিষয়ে চূড়ান্ত খচৰা প্রকাশৰ পাছতহে অৱগত হ’ব পাৰিব৷ এন আৰ চিক লৈ ৰাজ্যৰ পৰিস্থিতি উত্তপ্ত হৈ পৰাৰ সম্ভাৱনাৰ কথা জানিব পাৰিয়েই অসম আৰক্ষী আৰু গৃহ বিভাগে আগতীয়াকৈ সকলো জিলা পৰিভ্রমণ কৰি জিলা প্রশাসন, আৰক্ষী প্রশাসন, সেনা আৰু অর্ধসামৰিক বাহিনীক সতর্ক কৰি দিছে৷
এন আৰ চি প্রকাশৰ পাছত হ’ব পৰা নিৰাপত্তাৰ দিশটোৰ প্রতি অসম আৰক্ষীৰ লগতে নিৰাপত্তা বাহিনীসমূহ সষ্টম হৈ আছে বুলি মন্তব্য কৰিছে আৰক্ষী সঞ্চালকপ্রধান শইকীয়াই৷ সংবাদ মাধ্যমৰ আগত আৰক্ষী সঞ্চালক প্রধানজনে কয় যে যিবোৰ অঞ্চল স্পর্শকাতৰ, সেই অঞ্চলবোৰ চিনাক্ত কৰা হৈছে৷ এই অঞ্চসমূহত বিশেষ নিৰাপত্তা বাহিনী নিয়োগ কৰা হ’ব৷
আৰক্ষী সঞ্চালকপ্রধানজনে কয় যে যিবোৰ এলেকাত বহু লোকৰ নাম বাদ পৰিব, সেই এলেকাবোৰত কেনেদৰে যিকোনো পৰিস্থিতি চম্ভালিব লাগিব, সেই বিষয়ে অন্যান্য বিভাগৰ লগত বিশেষভাৱে পৰিকল্পনা কৰা হৈছে৷ আৰক্ষী সঞ্চালকপ্রধানজনে আৰু কয় যে ছ’চিয়েল মিডিয়াৰ ওপৰতো চোকা নজৰ ৰখা হৈছে৷ এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাৰ নিৰাপত্তাৰ প্রসংগত আৰক্ষী সঞ্চালকপ্রধান শইকীয়াই কয় যে প্রয়োজন হ’লে তেওঁৰ নিৰাপত্তা অধিক কটকটীয়া কৰা হ’ব৷


No comments:
Post a Comment