কাঠফুলাৰ মিলসহ কেইবালক্ষ্যাধিক টকাৰ অবৈধ কাঠ জব্দ কৰে বন বিভাগে - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Wednesday, July 04, 2018

কাঠফুলাৰ মিলসহ কেইবালক্ষ্যাধিক টকাৰ অবৈধ কাঠ জব্দ কৰে বন বিভাগে


মাণিকপুৰ: বঙাইগাঁও জিলাৰ মাণিকপুৰৰ অন্তৰ্গত নোৱাগাঁৱৰ পৰা দুটা অবৈধ কাঠ মিলৰ ভেটি উচ্ছেদ কৰাৰ লগতে কাঠফলা মিলৰ মেচিন সহ কেইবালক্ষ্যাধিক টকাৰ কাঠ জব্দ কৰিবলৈ সক্ষম হয়। মানিকপুৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি পাৰ্থ প্ৰতিম খনিকৰ নেতৃত্বত অহা বৃহৎ দলটোৰ লগত বন বিভাগ আৰু মানিকপুৰৰ আৰক্ষীয়ে সহযোগ কৰে। উক্ত অভিযানত নোৱাগাঁৱৰ পৰা দুটা অবৈধ কাঠফলা মিলৰ মেচিন, আন আন সামগ্ৰী আদিও জব্দ কৰিবলৈ সক্ষম হয়। সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ কৰাৰ পিছত বন বিভাগ আৰু আৰক্ষী প্ৰশাসনে এনে তৎপৰতা দেখুওৱাত প্ৰকৃতিপ্ৰেমী ৰাইজে সন্তষ্টি প্ৰকাশ কৰে।এক সুত্ৰই জনোৱা মতে কত অভিযান চলিব সেই সম্পৰ্কে জ্ঞাত নাছিল বনবিভাগে। অৱশ্যে এই অভিযান আৰু অধিক কটকটীয়া কৰা হব বুলি জানিবলৈ দিয়ে।

No comments:

Post a Comment

SPONSORED