গুৱাহাটী : ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ (এন আৰ চি) সম্পূর্ণ খচৰা প্রকাশ হ’বলৈ আৰু মাত্র কেইটামান দিন বাকী৷ ৩০ জুলাইত খচৰা প্রকাশ হোৱাৰ পাছত এন আৰ চিত নিজৰ নাম আছে নে নাই সেই কথা জানিবলৈ এন আৰ চি কর্তৃপক্ষই কৰা ব্যৱস্থাসমূহ ইতিমধ্যে ৰাজহুৱা কৰা হৈছে৷
৩.২৯ কোটি আৱেদনকাৰীৰ ভিতৰত যিসকলৰ নাম এন আৰ চিত সন্নিৱিষ্ট হ’ব তেওঁলোকৰ ভিতৰত কোনো লোকৰ ওপৰত সন্দেহ হ’লে আন লোকেও অভিযোগ দিয়াৰ ব্যৱস্থা ৰাখিছে এন আৰ চি কর্তৃপক্ষই৷ ১৯৭১ চনৰ ২৪ মার্চৰ মাজনিশা পর্যন্ত অসমত থকা ভাৰতীয় লোকৰ নাম সন্নিৱিষ্ট কৰি এখন শুদ্ধ এন আৰ চি প্রস্তুতৰ বাবে প্রচেষ্টা চলাই থকা এন আৰ চি কর্তৃপক্ষই অভিযোগ দাখিলৰ ব্যৱস্থা ৰাখি ৰাইজকো এই কার্যত জড়িত কৰিছে৷
এন আৰ চি কর্তৃপক্ষই প্রস্তুত কৰি উলিওৱা অভিযোগ দাখিলৰ প্র-পত্র অনুসৰি সম্পূর্ণ খচৰাত নাম সোমোৱাসকলৰ বিৰুদ্ধে আন ব্যক্তিয়ে স্থানীয় সেৱা কেন্দ্রত অভিযোগ দাখিল কৰিব পাৰিব৷ এন আৰ চি কর্তৃপক্ষৰ অগোচৰে যদি কোনো (১) সন্দেহজনক ভোটাৰ (ডি) (২) ঘোষিত বিদেশী (৩) বিদেশী ন্যায়াধিকৰণত বিচাৰাধীন (৪) ‘ডি’ ভোটাৰৰ বংশানুক্রমিক কোনো লোক আৰু (৫) ঘোষিত বিদেশীৰ বংশানুক্রমিক কোনো লোকৰ নাম সন্নিৱিষ্ট হ’লে তেওঁৰ বিৰুদ্ধে আন লোকে আপত্তি দাখিল কৰিব পাৰিব৷
এন আৰ চি কর্তৃপক্ষই শুদ্ধ এন আৰ চি প্রস্তুতৰ বাবে ৰাইজকো জড়িত কৰিবলৈ প্রস্তুত কৰা প্র-পত্র অনুসৰি অভিযোগৰাকীয়ে ১৯৭১ চনৰ ২৪ মার্চৰ মাজনিশা পর্যন্ত লিগেচি দাখিল কৰা লোকজন যদি অসমত বসবাস কৰা নহয়, লিগেচিৰ বাবে তালিকা ‘এ’ত থকা তথ্য সঠিক নহ’লে, লিগেচি ডাটাৰ লগত বংশানুক্রমিক সম্পর্ক নাথাকিলে বা লিগেচি দাখিল কৰাজনৰ লগত যোগসূত্র প্রমাণ কৰিবলৈ দাখিল কৰা তালিকা ‘বি’ত থকা তথ্য সঠিক নহ’লে অভিযোগকাৰীয়ে আপত্তি বা অভিযোগ দাখিল কৰিব পাৰিব৷
তেনেদৰে সম্পূর্ণ খচৰাত যিসকলৰ নাম সন্নিৱিষ্ট নহ’ব তেওঁলোকে পুনৰ আৱেদন জনাবলৈ প্র-পত্র প্রস্তুত কৰিছে কর্তৃপক্ষই৷ পুনৰ আৱেদন জনোৱাৰ ক্ষেত্রত প্রস্তুত কৰা প্র-পত্রত দাখিল কৰিবলগীয়া নথিৰ ভিতৰত তালিকা ‘এ’ত অন্তর্ভুক্ত কৰা হৈছে ১৪বিধ নথি৷ ইয়াৰ ভিতৰত আছে (১) ১৯৫১ চনৰ এন আৰ চি (২) ১৯৭১ চনৰ আগৰ ভোটাৰ তালিকা (৩) মাটি থকাৰ নথি (৪) নাগৰিকত্বৰ প্রামণ-পত্র (৫) স্থায়ী বাসিন্দাৰ প্রমাণ-পত্র (৬) শৰণার্থী পঞ্জীয়নৰ প্রমাণ-পত্র (৭) পাছপ’ট (৮) এল আই চি (৯) চৰকাৰৰ অনুজ্ঞাপত্র, প্রমাণ-পত্র (১০) চৰকাৰী চাকৰি কৰাৰ প্রমাণ (১১) বেংক, প’ষ্ট অফিচৰ একাউণ্ট (১২) জন্মৰ প্রমাণ-পত্র (১৩) ব’র্ড, বিশ্ববিদ্যালয়ৰ শিক্ষাৰ প্রমাণ-পত্র (১৪) আদালতত নথিভুক্ত হৈ থকা যি কোনো নথি৷ তদুপৰি, সমর্থিত নথি হিচাপে গণ্য হ’ব ৰেছন কার্ড৷
উল্লিখিত সকলো নথি হ’ব লাগিব ১৯৭১ চনৰ ২৪ মার্চৰ আগৰ৷ তেনেদৰে উক্ত নথি থকা (লিগেচি ডকুমেণ্ট) ব্যক্তিৰ লগত সম্পর্ক দেখুৱাবলৈ (লিংকেজ ডকুমেণ্ট) নির্ধাৰণ কৰা নথিৰ ভিতৰত (১) জন্মৰ প্রমাণ-পত্র (২) মাটিৰ নথি (৩) ব’র্ড, বিশ্ববিদ্যালয়ৰ প্রমাণ-পত্র (৪) বেংক, এল আই চি, প’ষ্ট অফিচৰ নথি (৫) চক্র বিষয়া, গাঁও পঞ্চায়ত সচিবৰ প্রমাণ পত্র (৬) ভোটাৰ তালিকা (৭) ৰেছন কার্ডৰ ভিতৰত যিকোনো এবিধ দাখিল কৰিব লাগিব৷


No comments:
Post a Comment