অসম বিশ্ববিঃত ছাত্ৰীক যৌন নিৰ্যাতন, সুৰক্ষা সমিতিৰ গৰিহণা, অধ্যাপকক নিলম্বন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, July 28, 2018

অসম বিশ্ববিঃত ছাত্ৰীক যৌন নিৰ্যাতন, সুৰক্ষা সমিতিৰ গৰিহণা, অধ্যাপকক নিলম্বন


শিলচৰ : শিলচৰৰ অসম বিশ্ববিদ্যালয়ত সংঘটিত যৌন কেলেংকাৰীৰ ঘটনাত উদ্বেগ প্ৰকাশ কৰিছে বিশ্ববিদ্যালয় সুৰক্ষা সমিতিয়ে। সংবাদ মাধ্যমলৈ পঠোৱা এটা বিবৃতিত সুৰক্ষা সমিতিৰ সভাপতি স্বপন পালে কয় যে বিশ্ববিদ্যালয়ৰ দৰে পবিত্ৰ উচ্চশিক্ষা প্ৰতিষ্ঠানৰ শিক্ষক তথা অধ্যাপকে ছাত্ৰীসকলৰ দুৰ্বলতাৰ সুযোগ লৈ যৌন নির্যাতন চলোৱাটো গৰিহণাৰ যোগ্য। ছাত্ৰীসকলক পৰীক্ষাত অনুত্তীৰ্ণ কৰোৱাৰ ভীতি প্ৰদৰ্শন কৰি যৌন নিৰ্যাতন চলোৱা অধ্যাপক জাতিৰ কলংক। এই সন্দৰ্ভত অভিযুক্ত অধ্যাপকক চাকৰিৰ পৰা বহিষ্কাৰ কৰা উচিত। সমিতিয়ে ছাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ উপাচাৰ্য অধ্যাপক দিলীপ চন্দ্ৰ নাথৰ লগতে বিশ্ববিদ্যালয়ৰ কাৰ্যকৰী পৰিষদৰ দৃষ্টি আকৰ্ষণ কৰি অভিযুক্তৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
উল্লেখযোগ্য যে, কালি বিশ্ববিদ্যালয়ৰ কৃষি অভিযান্ত্ৰিক বিভাগৰ মুৰব্বী সুদীপ্ত সৰকাৰৰ বিৰুদ্ধে ছাত্ৰীৰ সৈতে যৌন কেলেংকাৰীৰ অভিযোগ উত্থাপন হোৱাত পৰিষদে এক নিৰ্দেশ যোগে সৰকাৰক বিভাগীয় মুৰব্বী পদৰ পৰা অপসাৰণ কৰিছে। তদুপৰি সমাজতত্ত্ব বিভাগৰ অধ্যাপক নিৰাকাৰ সৰকাৰক নিলম্বন কৰিছে।

No comments:

Post a Comment

SPONSORED