মৰিগাওঁ জিলাৰ চৰাইবাহী বৈদ্যুতিক উপস্ংমণ্ডলৰ এচ.ডি.অ’. লাটুমণি বৰ্মণক নিলম্বন : ভুৱা বিল প্ৰস্তুত কৰি চলাইছিল লুণ্ঠ্ন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, July 26, 2018

মৰিগাওঁ জিলাৰ চৰাইবাহী বৈদ্যুতিক উপস্ংমণ্ডলৰ এচ.ডি.অ’. লাটুমণি বৰ্মণক নিলম্বন : ভুৱা বিল প্ৰস্তুত কৰি চলাইছিল লুণ্ঠ্ন


মৰিগাওঁ : মৰিগাওঁ জিলাৰ চৰাইবাহী বৈদ্যুতিক উপস্ংমণ্ডলৰ দূৰ্নীতি পৰায়ন বিষয়া লাটুমণি বৰ্মণক অৱশেষত বিভাগে কৰ্তব্যৰ পৰা নিলম্বন কৰে। বিতৰ্কিত বিষয়াজনক বিভাগে নিলম্বন কৰাৰ পিছত এতিয়া স্থানীয় ৰাইজে স্বস্তিৰ নিস্বাশ পেলোৱা পৰিলক্ষিত হৈছে।
উল্লেখ্য যে,বিতৰ্কিত এই এছ.ডি. অ’. জনে দীৰ্ঘদিনৰ পৰা ভুৱা বিল প্ৰ্স্তুত কৰি ৰাইজৰ ধন লুট কৰি আহিছিল। ২০১৬ চনৰ পূৰ্বে উক্ত কাৰ্যালয়তে আৰ.এম.এচৰ দ্বায়িত্বত থকা বৰ্মনে সংঘটিত কৰা এনে কেইবাটাও বিয়াগোম লুণ্ঠনৰ তথ্য জালুগুটি আঞ্চলিক ছাত্ৰ সন্থাই পোহৰলৈ আনে।এই সকলো লুণ্ঠনৰ সবিশেষ তথ্য দাখিল কৰি ছাত্ৰ স্ংগঠনটোৱে বিতৰ্কিত বিষয়াজনৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ বিদ্যুৎ বিভাগৰ উৰ্ধতন কৰ্তৃপক্ষক দাবী জনাই কিন্তু উৰ্ধতন কৰ্তৃপক্ষই ৰহস্যজনক কাৰণত এই সন্দৰ্ভত ব্যৱস্থা লোৱাৰ পৰা বিৰত থাকে। এই কাৰ্যই অঞ্চলটোত প্ৰ্তিক্ৰিয়াৰ সৃষ্টি কৰি থকাৰ সময়তে আচৰ্যজনক ভাৱে বিতৰ্কিত বৰ্মণে পদোন্নতিহে লাভ কৰি চৰাইবাহী বৈদ্যুতিক উপস্ংমণ্ডলৰ এচ.ডি.অ’ৰ আসনত অধিষ্ঠিত হয়। ইয়াৰ পিছতেই স্থানীয় বিভিন্ন দল-স্ংগঠন প্ৰ্তিবাদমুখৰ হৈ আছে। এনেদৰে প্ৰ্তিবাদ অব্যাহত থকাৰ পিছত অৱশেষত চলিত বৰ্ষৰ সাত জুনৰ দিনা বিভাগৰ মূখ্য কাৰ্যালয় বিজুলী ভৱনৰ পৰা অহা পাচ জনীয়া এটি দল বিষয়টো তদন্তৰ বাবে আহে। তদন্তকালত বিষয়াজনৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সমূহ সত্য বুলি প্ৰ্মাণিত হয়। কিন্তু ইয়াৰ পিছতো বিতৰ্কিত বিষয়াজনৰ বিৰুদ্ধে বিভাগে বিহীত ব্যৱস্থা লোৱাৰ পৰা বিৰত থাকে।এনেদৰে বাৰে বাৰে দূৰ্নীতি পৰায়ন বিষয়াজনক উৰ্ধতন কৰ্তৃপক্ষই ৰক্ষনাবেক্ষন দি অহাত অতিষ্ঠ হৈ অৱশেষত স্থানীয় ৰাইজে জনতাৰ ধৈৰ্য পৰীক্ষা নকৰিবলৈ বিদ্যুত বিভাগৰ উৰ্ধতন কৰ্তৃপক্ষক সকীয়াই দিয়াৰ লগতে শক্তিমন্ত্ৰী তপন কুমাৰ গগৈৰ বিৰুদ্ধেও সৰৱ হৈ পৰে। লক্ষণীয় ভাৱে ইয়াৰ পিছতেই বিভাগটোৱে এক নিৰ্দেশ (মেম’ নম্বৰ MD/APDCL/HR/CON/35/2018/75) বিতৰ্কিত বৰ্মণক নিলম্বন কৰে। লাহৰীঘাট বৈদ্যুতিক উপস্ংমণ্ডলৰ বিষয়া প্ৰাঞ্জল শইকীয়াক চৰাইবাহী বৈদ্যুতিক উপস্ংমণ্ডলৰ দ্বায়িত্ব চলাই নিবলৈ আন এক নিৰ্দেশ দিয়ে। বিভাগটোৱে লাটুমনি বৰ্মণক নিলম্বন কৰা কাৰ্যক স্থানীয় বিভিন্ন দল-স্ংগঠনে আদৰণি জনাইছে যদিও কেৱল নিলম্বন কৰিয়েই যাতে বিভাগে দ্বায়িত্ব নাসামৰে তাৰ প্ৰ্তিও দৃষ্টি ৰাখিব বুলি ষ্পষ্ট কৰি দিয়ে।ইয়াৰ লগতে বৰ্মণৰ লগত এই কেলেংকাৰীত আন কোনো লোক জড়িত আছিল নেকি তথা কি কাৰণৰ এই বিষয়া জনক সুৰক্ষা দি অহা হৈছিল এই দিশ সমূহো তদন্ত কৰি বিহীত ব্যৱস্থা ল’বলৈ দাবী জনাইছে৷

No comments:

Post a Comment

SPONSORED