পাঠ্যপুথিত বিভ্ৰান্তিৰ তথ্য প্ৰকাশৰ অভিযোগত সৰৱ কলিতা জনগোষ্ঠী সন্মিলন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, July 26, 2018

পাঠ্যপুথিত বিভ্ৰান্তিৰ তথ্য প্ৰকাশৰ অভিযোগত সৰৱ কলিতা জনগোষ্ঠী সন্মিলন


গুৱাহাটী : অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগে প্ৰকাশ কৰা দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ "ভূগোল" পাঠ্যপুথিত কলিতা জনগোষ্ঠী সম্পৰ্কে ভুল তথ্য প্ৰকাশ হোৱাৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতে মাধ্যমিক শিক্ষা বিভাগৰ বিৰুদ্ধে "কলিতা জনগোষ্ঠী সন্মিলন, অসম" সৰৱ হৈ পৰিছে। এই সন্দৰ্ভত সংগঠনটিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ডা°ৰমেন কুমাৰ কাকতিয়ে এক বিবৃতিত কয় যে," ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমভূমি অঞ্চলৰ প্ৰাচীনতম অধিবাসী কলিতা জনগোষ্ঠী পূৰ্বৰে পৰা তথ্যৰ বিকৃতকৰণৰ এক প্ৰণালীবদ্ধ ষড়যন্ত্ৰৰ বলি হৈ আহিছে৷ 'অসমীয়া' পৰিচয়ক অগ্ৰাধিকাৰ দি অহা কলিতা সকলে বহুক্ষেত্ৰত বৃহত্তৰ অসমীয়া জাতি গঠনৰ স্বাৰ্থত এনেবোৰ বিষয়ত নীৰৱতা অৱলম্বন কৰিছিল৷ এই বহল দৃষ্টিভংগীক দুৰ্বলতা বুলি ধৰি লৈ, কলিতা জনগোষ্ঠীৰ আদিম বাসভূমি ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমতল অঞ্চলত অইন কেতবোৰ জনগোষ্ঠীয়ে নিজা জনগোষ্ঠীৰ প্ৰভুত্ব প্ৰতিষ্ঠাৰ বাবে ইতিহাস বিকৃতকৰণৰ এক প্ৰণালীবদ্ধ অভিযান চলাই থাকিল৷"এনে দুষ্কাৰ্যৰ পৰা আঁতৰি থাকিবলৈ সংশ্লিষ্ট আটাইকে সকীয়াই দিয়াৰ লগতে মাধ্যমিক শিক্ষা বিভাগে শীঘ্ৰে "বৃহৎ ককেচীয় গোষ্ঠীৰ অন্তৰ্ভুক্ত আলপাইন মূলৰ কলিতা জনগোষ্ঠী ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমতল অঞ্চলৰ আটাইতকৈ প্ৰাচীন অধিবাসী"- এই বাক্যষাৰি সংশ্লিষ্ট সমুহ পাঠ্যপুথিত স্পষ্টৰূপত সন্নিৱিষ্ট কৰিবলৈ সন্মিলনে দাবী উত্থাপন কৰিছে৷উল্লেখ্য যে, উক্ত পাঠ্যপুথিখনৰ ৭৬ নম্বৰ পৃষ্ঠাত কলিতা জনগোষ্ঠী সম্পৰ্কত বিকৃত তথ্য প্ৰকাশ কৰা বুলি শেহতীয়াকৈ এক অভিযোগ উত্থাপিত হৈছে।

No comments:

Post a Comment

SPONSORED