গোসাঁইগাওঁ প্ৰেছ ক্লাৱৰ দ্বিবাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি তুংগত - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, July 26, 2018

গোসাঁইগাওঁ প্ৰেছ ক্লাৱৰ দ্বিবাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি তুংগত


গোসাঁইগাওঁ : গোসাঁইগাওঁ মহকুমাৰ অন্তৰ্গত গোসাঁইগাওঁ প্ৰেছ ক্লাৱ প্ৰাংগনত দুদিনীয়া কাৰ্যসূচীৰে আগন্তুক ২৮ আৰু ২৯ জুলাই তাৰিখে গোসাঁইগাওঁ প্ৰেছ ক্লাৱৰ দশম দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব।
উক্ত অধিৱেশনৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে বুলি জানিব দিছে ক্লাৱৰ দশম দ্বিবাৰ্ষিক অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি তথা স্থানীয় সাংবাদিক হাফিজুৰ ৰহমানে। কাৰ্য্যসূচীমৰ্মে, প্ৰথম দিনা অৰ্থাৎ ২৮ জুলাই শনিবাৰ দিনা পুৱা ৯.৩০ বজাত ক্লাৱৰ সভাপতি আব্দুল ওৱাহাব আহমেদৰ নেতৃত্বত পতাকা উত্তোলন, ৯.৪৫ বজাত ছহিদসকলৰ প্ৰতিচ্ছবিত মাল্যদান কৰিব উপদেষ্টা আবু বক্কৰ ছিদ্দিক আনহাতে ১০ বজাত বৃক্ষৰোপণ, ৰোপক হিচাপে উপস্থিত থাকিব উপদেষ্টা মহেশ্বেৰ মুছাহাৰী। দিনৰ ১০.৩০ বজাত অনুষ্ঠিত হ'ব প্ৰতিনিধি সভা। উক্ত সভাত সভাপতিত্ব কৰিব প্ৰেছ ক্লাৱৰ সভাপতি আব্দুল ওৱাহাব আহমেদে। উক্ত সভাতেই পুৰণি সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰা হ'ব। দ্বিতীয় দিনা অৰ্থাৎ ২৯ তাৰিখে পুৱা ৯ বজাত মহকুমাটোৰ ন-পুৰণি সাংবাদিক সতীৰ্থ সন্মিলন। দিনৰ ১১ বজাত সভাপতি আব্দুল ওৱাহাব আহমেদৰ সভাপতিত্বত অনুষ্ঠিত হ'ব মুকলি সভা। মুকলি সভাত স্থানীয় বিধায়ক শ্ৰীযুত মাজেন্দ্ৰ নাৰ্জাৰীয়ে উদ্বোধনী ভাষণ দিয়াৰ বিপৰীতে মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ড° কামেশ্বৰ ব্ৰহ্মদেৱে। ইয়াৰ উপৰিও সভাত মহকুমাধিপতি উইলবাৰ্ণ এছ. দৈমাৰী, গোসাঁইগাওঁ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° নিৰ্জয় কুমাৰ ব্ৰহ্ম, কৃষি বিকাশ কেন্দ্ৰৰ তত্বাৱধায়ক ড° মনোজ কুমাৰ ভূঞা আদিকে ধৰি বিভিন্ন গণ্য-মান্য ব্যক্তিসকলে উপস্থিত থাকিব। উক্ত মুকলি সভাত মহকুমাটোৰ বিশিষ্ট ব্যক্তিসকল, বুদ্ধিজীৱী, সমাজ কৰ্মী, ছাত্ৰ সংগঠনৰ কৰ্মীবৃন্দক উপস্থিত থাকিবলৈ অনুৰোধ জনাইছে অভ্যৰ্থনা সমিতিৰ সভাপতি হাফিজুৰ ৰহমান আৰু সম্পাদক উৎপল দে'ই।

No comments:

Post a Comment

SPONSORED