কোকৰাঝাৰ : কোকৰাঝাৰ জিলাৰ ৰিপু সংৰক্ষিত বনাঞ্চলৰ সৰলভাঙা নদীৰ সমীপৰ কোকৰাঝাৰ আৰক্ষী আৰু ১২ নং শিখলাই ৰেজিমেণ্টে আজি পুৱতি নিশা যৌথ অভিযান চলাই এগৰাকী দুধৰ্ষ এনডিএফবি(এচ)ৰ নেতাক আটক কৰিবলৈ সক্ষম হোৱাৰ লগতে আন এগৰাকী লিংকমেনক আটক কৰিবলৈ সক্ষম হৈছে। সেনা আৰক্ষীৰ হাতত আটকাধীন এনডিএফবি(এচ)নেতা গৰাকীক এনডিএফবি(এচ)ৰ স্বয়ম্ভু চাৰ্জেণ্ট তথা কোকৰাঝাৰ জিলাৰ প্লেটুন কামাণ্ডাৰ তথা বইটাবিল , চেৰফাংগুৰীৰ বাসিন্দা দিখুম বসুমতাৰী ওৰফে দেৰহাছাৎ (২৭)বুলি জানিব পৰা গৈছে । আনহাতে লিংকমেনগৰাকীক পশ্চিমবংগৰৰ আলিপুৰদুৱাৰ জিলাৰ কৰডংগা , নাৰাপুলীৰ জিবিয়াৰ বসুমতাৰী(২১) বুলি জানিব পৰা গৈছে । সেনা -আৰক্ষীয়ে অভিযানকালত এটা বিদেশত নিৰ্মিত পিষ্টল আৰু এটা দেশীয় পিষ্টল , ৯ ৰাউণ্ড সজীৱ গুলী , ধনদাবী পত্ৰ আৰু আন কেতবোৰ আপত্তিজনক নথিপত্ৰও উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে সেনা আৰক্ষীৰ হাতত আটকাধীন হোৱা ম্যানমাৰত প্ৰশিক্ষিত দিখূম বসুমতাৰী এনডিএফবিৰ ৩৯ নং বেটচৰ কেডাৰ আছিল।
Responsive Ads Here
Thursday, July 26, 2018
কোকৰাঝাৰত এনডিএফবি(এচ) আটক , দুটা পিষ্টল,৯ ৰাউণ্ড সজীৱ গুলী উদ্ধাৰ
Tags
# আঞ্চলিক
Share This
About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)


No comments:
Post a Comment