জয়ন্ত মহিলাৰীৰ মৃত্যুত শোক পালন চি এচ বিৰ : বিভিন্ন দল সংগঠনৰ শোক বাৰ্তা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, July 26, 2018

জয়ন্ত মহিলাৰীৰ মৃত্যুত শোক পালন চি এচ বিৰ : বিভিন্ন দল সংগঠনৰ শোক বাৰ্তা


কোকৰাঝাৰ : বিটিএডিৰ ’চেন্ট্ৰল ছিলেকচন বৰ্ডৰ অধ্যক্ষ তথা বিএচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য জয়ন্ত মহিলাৰীৰ অকাল বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে বিটিএডিৰ চি এচ বি কাৰ্যালয়ে৷ আজি চেন্ট্ৰল ছিলেকচন বৰ্ডৰ কাৰ্যালয়ৰহৈ চি এচ বিৰ অন্যতম সদস্য নিৰেন চন্দ্ৰ ৰায়ে কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিযোগে চি এচ বিৰ অধ্যক্ষ জয়ন্ত মহিলাৰীৰ যোৱা কালি হঠাৎ হৃদক্ৰিয়া বন্ধহৈ অকাল মৃত্যুক সাৱটি লোৱা দূ-সংবাদে সকলোকে মৰ্মাহত কৰি তোলা বুলি দোঁহাৰি আজি কোকৰাঝাৰস্থিত চিএচবিৰ কাৰ্যালয়ত জয়ন্ত মহিলাৰীৰ মৃত্যুকলৈ এখন শোক সভাও পালন কৰে৷ উল্লেখ্য যে, চিএচবিৰ সদস্য সচীব অৰুন বসুমতাৰীৰ উদ্যোগত অনুষ্ঠিত হোৱা আজিৰ শোক সভাত প্ৰয়াত জয়ন্ত মহিলাৰীৰ বিদেহী আত্মাৰ চিৰশান্তি কামনাৰে এক মিনিট মৌন প্ৰাৰ্থনাৰে শোক পালন কৰে ৷ শোক সভাত চিএচবিৰ দহগৰাকী সদস্যৰ উপৰি কাৰ্যালয়ৰ বিষয়া কৰ্মী সকলে অংশ গ্ৰহণ কৰে৷
আনপিনে চিএচবিৰ অধ্যক্ষ জয়ন্ত মহিলাৰীৰ আকস্মিক মৃত্যুকলৈ গভীৰ ভাৱে শোক প্ৰকাশ কৰিছে সদৌ বিটিএডি কোঁচ-ৰাজবংশী সন্মিলনীয়ে ৷ আজি সন্মিলনীৰ সাধাৰন সম্পাদক মিলন ৰায়ে এক বিবৃতিযোগে জয়ন্ত মহিলাৰীৰ অকাল বিয়োগে বিটিএডিবাসীয়ে এজন দক্ষ আৰু নিকা ভাৱমূৰ্ত্তীৰ বিষয়াক হেৰুৱাব লগা হ’ল বুলি শোক প্ৰকাশ কৰি প্ৰয়াত মহিলাৰীৰ নিকটতম পৰিয়ালবৰ্গকো সমবেদনাও জ্ঞাপন কৰে ৷ একেদৰে জয়ন্ত মহিলাৰীৰ মৃত্যুকলৈ গভীৰ শোক প্ৰকাশ কৰে পৃথকে পৃথকে অখিল হিন্দীভাষী বিকাশ পৰিষদৰ মূখ্য পৃষ্ঠপোষক ভৰত শৰ্মা,আৰ এম চিৰ মুখ্যপাত্ৰ আব্দুল আৱাল মণ্ডল আৰু সদৌ বিটিচি নাথ যোগী সন্মিলনীৰ নেতা প্ৰকাশ নন্দ নাথে ৷

No comments:

Post a Comment

SPONSORED