কোকৰাঝাৰ : কোকৰাঝাৰ জিলাৰ ভাৰত -ভূটান সীমান্ত অঞ্চলত আৰক্ষী আৰু সেনাই চলায় যৌথ অভিযান। জিলাৰ অন্তৰ্গত উত্তৰ ঝাৰবাৰীৰ খালাচীৰ ঘন জংগলত অভিযান চলাই দীপক ব্ৰহ্ম ওৰফে বি. দৌফূঙগৌন (২৮) নামৰ এজন এনডিএফবি(এচ)ৰ সদস্যক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন এনডিএফবি(এচ)ৰ ধৃত সদস্যজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে খালাচী অঞ্চলত মাটিত পুতি থোৱা অৱস্থাৰ পৰা আমেৰিকাত নিৰ্মিত ৫.৫৬মি:মি এম ১৬ ৰাইফল এটা , ১১ জাঁই গুলী আদিৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে। ইয়াৰোপৰি ধৃত এনডিএফবি সদস্যগৰাকীৰ পৰা আৰক্ষীয়ে এটা চাইনিজ গ্ৰেণেড , মাল্টিমিডিয়া মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হয়।
Responsive Ads Here
Friday, July 27, 2018
কোকৰাঝাৰত এনডিএফবি(এচ)ৰ সদস্যক আটক : বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ
Tags
# আঞ্চলিক
Share This
About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)


No comments:
Post a Comment