কোকৰাঝাৰত সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ : চৰকাৰে দাবী পুৰন নকৰিলে কঠোৰ আন্দোলনৰ হুংকাৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, July 27, 2018

কোকৰাঝাৰত সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ : চৰকাৰে দাবী পুৰন নকৰিলে কঠোৰ আন্দোলনৰ হুংকাৰ


কোকৰাঝাৰ : অসমৰ বিভিন্ন জিলা সমূহৰ দৰেই বৃহস্পতিবাৰে কোকৰাঝাৰ জিলা সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ কৰ্মচাৰী সকলে কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজ্য জুৰি লক্ষাধিক কৰ্মচাৰীৰ মাজত কোকৰাঝাৰ জিলাৰ শতাধিক কৰ্মচাৰী সকলেও সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ নিৰ্দেশ মৰ্মে ছেটি কমিচনৰ দৰমহা আয়োগে দিয়া দফা এতিয়াও কাৰ্যকৰী কৰা নাই আৰু সেই দাবী সমূহ কাৰ্যকৰী কৰা বাবে যোৱা ৮-৭-১৮ তাৰিখত সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাই লোৱা সিদ্ধান্ত মৰ্মে জিলা ভিত্তিত সকলো কৰ্মচাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। কোকৰাঝাৰ জিলা সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক কুঞ্জ বিহাৰী ৰয়ে প্ৰতিবাদ কাৰ্যসূচীক নেতৃত্ব দি অসম চৰকাৰলৈ দাবী উত্থাপন কৰা মতে ছেটি কমিচনৰ দৰমহা আয়োগে দিয়া গ্ৰেড ১,২,৩ আজিলৈকে পৰিপূৰ্ণ কৰা হোৱা নাই সেয়ে অতি শীঘ্ৰে দাবী সমূহ পূৰণ কৰিবলৈ দাবী জনায়। অন্যথা পৰৱৰ্তী কালত সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ সিদ্ধান্ত মৰ্মে কঠোৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হব বুলি হুংকাৰ প্ৰদান কৰে। উল্লেখযোগ্য যে এই একে প্ৰতিবাদ কাৰ্যসূচী অসমৰ বিভিন্ন জিলা যেনে কামৰূপ, নগাঁও, মৰিগাঁও, গোলাঘাট, যোৰহাট, শিৱসাগৰ, বঙাইগাঁও, চিৰাং আদি জিলা সমূহতো হোৱা বুলি জনায়।

No comments:

Post a Comment

SPONSORED