কোকৰাঝাৰ : অসমত প্ৰতিভাৱান খেলুৱৈ সকলৰ সম্ভাৱনা যথেষ্ট আছে । তাকে প্ৰমাণিত কৰিলে অসমৰ দহজন প্ৰতিভাৱান খেলুৱৈয়ে। ছাউথ এছিয়া চিলামবাম ফেডাৰেশ্যনৰ প্ৰচেষ্টাত দহজনীয়া প্ৰতিভাৱান খেলুৱৈয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সোণ, চিলভাৰ, ব্ৰঞ্জৰ পদকৰ বিজয়ী হ’বলৈ সক্ষম হৈছে। চলিত মাহৰ ১৩ পৰা ১৫ জুলাইলৈকে তামিলনাডুৰ কন্যাকুমাৰী চি এছ আই ষ্টেডিয়ামত অনুষ্ঠিত হৈ যোৱা দ্বিতীয় ছাউথ এছিয়া চিলামবাম চেম্পিয়নশ্বিপ ২০১৮ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অসমৰ সুসন্তান তথা প্ৰতিভাৱান খেলুৱৈ সকলৰ মাজত দুৰ্গা মণ্ডলে ৪৮ কে জি কেটেগৰিত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। তেনেদৰে দুলুমণি বৰ্মণ (৩৮ কে জি), উপাসনা ৰয়(৫০ কে জি) আৰু মৌচুমী ৰায়( ৫১ কে জি) মহিলাৰ প্ৰতিযোগিতাত ছিলভাৰ, ব্ৰঞ্জৰ পদক লাভ কৰে। আনহাতে যুৱক সকলৰ মাজত প্ৰদীপ বৰ্মণ(৬৩ কে জি), দীপ্তাংশু দে (৪৫ কে জি), কালিচৰণ বৰ্মন(৫১কে জি), আৰু ছাব জুনিয়ৰ প্ৰতিযোগিতাত দিপাংকৰ শ্বাহা (৪৮ কে জি), তাপস বৰ্মন ( ৩৮ কে জি) আৰু অজিত আৰ্যই(৩৮ কে জি) ব্ৰঞ্জৰ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। উক্ত খেলুৱৈ দলক নেতৃত্ব দিছিল দল পৰিচালক হিচাপে বিশ্বজিত দে, ৰাজ্যিক খেলুৱৈ সন্থাৰ সম্পাদক স্বদেশ আচাৰ্জী আৰু ক’চ হিচাপে অশোক বৰ্মণে ৷
Responsive Ads Here
Friday, July 27, 2018
Home
আঞ্চলিক
ছাউথ এছিয়া চিলামবাম চেম্পিয়নশ্বিপ ২০১৮ সোণৰ পদক অৰ্জন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে অসমৰ সন্তানে
ছাউথ এছিয়া চিলামবাম চেম্পিয়নশ্বিপ ২০১৮ সোণৰ পদক অৰ্জন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে অসমৰ সন্তানে
Tags
# আঞ্চলিক
Share This
About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)


No comments:
Post a Comment