বঙাইগাঁও জিলাৰ কীৰ্তনপাৰাত যুৱকক হত্যাৰ চেষ্টাঃ গুলিচালনা কৰা ডকাইত কৰায়ত্ব - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Monday, August 27, 2018

বঙাইগাঁও জিলাৰ কীৰ্তনপাৰাত যুৱকক হত্যাৰ চেষ্টাঃ গুলিচালনা কৰা ডকাইত কৰায়ত্ব



মাণিকপুৰ : বঙাইগাঁও জিলাৰ মাণিকপুৰৰ কীৰ্ত্তন পাৰাত ভয়ংকৰ ঘটনা। পিষ্টলেৰে গুলিয়াই হত্যাৰ অপচেষ্টা যুবকক। কীৰ্তনপাৰাৰ হাজেৰ আলী নামৰ যুৱকজনে সন্ধিয়া বজাৰলৈ গৈ থাকোঁতে ছফিকুল ইছলাম নামৰ যুৱক এজনে এবাৰ পিছপিনৰ পিষ্টলেৰে ওপৰত গুলিয়াইছিল তাৰ পিছত নিশা আকৌ হাজেৰ আলীক সন্মুখৰ পৰা গুলিয়াইছিল ছফিকুল ইছলাম নামৰ উদণ্ড যুৱকজনে । কিন্তু সৌভাগ্যক্ৰমে গুলী নালাগিল হাজেৰ আলীৰ বুকুত কোনোমতে প্ৰাণ ৰক্ষা পৰিল হাজেৰ আলীৰ । পিছত হাজেৰ আলীয়ে চিঞৰ বাখৰ কৰাত ৰাইজৰ লগতে গাঁওৰক্ষী বাহিনীৰ লোক ঘটনাস্থলীত গোট খালে আৰু খেদি খেদি আটক কৰিলে দুধৰ্ষ ডকাইত ছফিকুলক। ৰাইজৰ লোকে ছফিকুলৰ হাতত পিষ্টল নেদেখি সোধপোচ কৰাত সন্মুখৰ পুখুৰীত পিষ্টলটো দলিয়াই পেলায় বুলি কয়। পলায়ন কৰিছে আছুৰ উদ্দিন নামৰ আন এজন ডকাইত। দুয়ো উগ্ৰপন্থী সংগঠনৰ লগত জড়িত থকাৰ সন্দেহ ৰাইজৰ। পিছত ধৃত ছফিকুলক আৰক্ষীৰ হাতত গোটাই দিয়ে৷

No comments:

Post a Comment

SPONSORED