ডিফুত ভূমিস্খলনত আৰক্ষী কনিষ্টবলৰ মৃত্যু - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Monday, August 27, 2018

ডিফুত ভূমিস্খলনত আৰক্ষী কনিষ্টবলৰ মৃত্যু


ডিফু : বিগত তিনিটা দিন ডিফুত হৈ থকা প্রবল বৰষুণৰ ফলত আজি পুৱতি নিশা এক কৰুণ ঘটনা সংঘটিত হয়৷ ভূমিস্খলনৰ ফলত ডিফুত এজন আৰক্ষী কনিষ্টবলৰ মৃত্যু ঘটে৷ আজি পুৱতি নিশা ২.১৫ বজাত ডিফুৰ ৰংমিৰদানত সংঘটিত হয় ভূমিস্খলনৰ এই ঘটনা৷ ৰজব আলী নামৰ এগৰাকী লোকৰ ভাৰাঘৰত থকা ডিফু আৰক্ষীৰ ট্রেফিক কনিষ্টবলৰূপে কর্মৰত নজৰুল ইছলামে নিজা গৃহত শুই থকা অৱস্থাত ভূমিস্খলন ঘটে আৰু এখন প্ৰকাণ্ড দেৱালে ঘৰটো ঘেৰি ধৰে। চুবুৰীয়া লোকে পাহাৰ খহাৰ শব্দ পাই ওলাই আহি পাহাৰৰ মাটিয়ে কনিষ্টবলগৰাকীৰ ঘৰটো সম্পূর্ণ পুতি পেলোৱা দেখা পাই আৰক্ষীক খবৰ দিয়ে৷

পুৱাৰে পৰা অভিযান চলাই ৮ বজাত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ উল্লেখযোগ্য যে, একাংশ লোকে পাহাৰৰ মাটি কাটি যেনি-তেনি ঘৰ নির্মাণ কৰিবলৈ লোৱাৰ ফলতে এই কৰুণ ঘটনাটো সংঘটিত হ’বলৈ পালে৷ এটা পষেকপূর্বে ডিফুত পাহাৰ কাটি নির্মাণ কৰা এখন দেৱাল বাগৰি পৰি এটি শিশুৰ মৃত্যু হৈছিল আৰু দুজন গুৰুতৰৰূপে আহত হৈছিল৷ অমায়িক ব্যৱহাৰৰ আৰক্ষী কনিষ্টবলগৰাকীৰ মৃত্যুত বিভাগীয় সতীর্থৰ লগতে চুবুৰীয়াই শোক প্রকাশ কৰে৷

No comments:

Post a Comment

SPONSORED