গুৱাহাটীৰ "মাদাৰ বৃদ্ধাৱাস"ৰ নতুন গৃহ নিৰ্মাণৰ বাবে তামাৰহাটৰ বিশিষ্ট সমাজ সেৱক খাইৰুল আনাম খন্দকাৰে আগবঢ়ালে দহ হাজাৰ ইটা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Tuesday, August 28, 2018

গুৱাহাটীৰ "মাদাৰ বৃদ্ধাৱাস"ৰ নতুন গৃহ নিৰ্মাণৰ বাবে তামাৰহাটৰ বিশিষ্ট সমাজ সেৱক খাইৰুল আনাম খন্দকাৰে আগবঢ়ালে দহ হাজাৰ ইটা


তামাৰহাট : জীৱনৰ অন্তিম সময় অৰ্থাৎ বৃদ্ধ কালত মানুহে একমাত্ৰ ভৰসা কৰে নিজৰ সন্তানৰ ওপৰত । কিন্তু সেই বৃদ্ধ কালত নিজ সন্তানে যেতিয়া তেওঁলোকৰ খবৰ নলয় তেতিয়া পিতৃ মাতৃ হৈ পৰে অসহায়। তেনেকুৱা কিছুমান অসহায় বৃদ্ধ ককা-আইতাই উপায়হীন হৈ আশ্ৰয় লয় গৈ বৃদ্ধ আৱাসত। সকলো থাকিও পুত্ৰ বোৱাৰীৰ আবৰ্জনা হৈ পৰা অসহায় ককা আইতাৰ কাৰনে হৈ পৰে বৃদ্ধা আবাসেই একমাত্ৰ আশ্ৰয় ।তেনে এক বৃদ্ধা আৱাসৰ আশ্ৰয়ত থকা অসহায় ককা আইতাই আশ্ৰয় লৈ থকা "মাদাৰ বৃদ্ধাৱাস"ৰ নতুন গৃহ নিৰ্মাণৰ বাবে আগবাঢ়ি আহিছে বিভিন্নজন । কাৰণ "প্ৰতিদিন টাইম"ৰ মুখ্য সম্পাদক নিতুমনি শইকীয়াই অনুষ্ঠিত কৰা মানুহে মানুহৰ বাবে নামৰ অভিমত অনুষ্ঠান খন অনুষ্ঠিত কৰি মাদাৰ বৃদ্ধাৱাসৰ নতুন গৃহ নিৰ্মাণৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে সমগ্ৰ অসমবাসীক। সেই আহ্বানত সঁহাৰি জনাই আগবাঢ়ি আহিছিল বিভিন্ন সদাশয় ব্যক্ত । কোনোবাই আগবঢ়াইছিল মোটা অংকৰ ধন, কোনোবাই আগবঢ়াইছিল গৃহ নিৰ্মাণৰ বাবে প্ৰয়োজন হোৱা বিভিন্ন সামগ্ৰী । তাৰে ভিতৰত ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত অক্সিগুৰি গাঁওৰ বিশিষ্ট সমাজ সেৱক তথা হাতীধুৰা ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি খাইৰুল আনাম খন্দকাৰে সেই আহ্বানত সঁহাৰি জনাই মাদাৰ বৃদ্ধাৱাসৰ নতুন গৃহ নিৰ্মাণৰ বাবে দহ হাজাৰ ইটা দান কৰে । উক্ত দহ হাজাৰ ইটা নিজা খৰচেৰে হাতীধূৰাৰ পৰা গুৱাহাটীলৈ দি আহাৰ কথাও ব্যক্ত কৰিছে খাইৰুল আনাম খন্দকাৰে। উল্লেখ্য যে মাদাৰ বৃদ্ধাৱাসত আশ্ৰয় লৈ অহা বৃদ্ধ ককা আইতা সকলোৰ সুবিধাৰ্থে খন্দকাৰৰ এনে পদক্ষেপক ধন্যবাদ জনাইছে বিভিন্ন মহলে। "প্ৰতিদিন টাইম"ৰ মুখ্য সম্পাদক নিতুমনি শইকীয়া দেবকো"মানুহে মানুহৰ বাবে" নামৰ এনে অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি সমগ্ৰ অসমবাসীক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনায় ।

No comments:

Post a Comment

SPONSORED