তামাৰহাট : ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত অক্সিগুৰি গাওঁত সোমবাৰে আবেলি হোৱা এক পথ দুৰ্ঘটনাত এজন যুৱক নিহত হোৱাৰ ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। জানিব পৰা মতে আজি আবেলি হাতীধূৰাৰ পৰা তলোৱা লৈ যোৱা পথৰ শ্ৰীনগৰ সৎসঙ্গ বিহাৰৰ সন্মুখত অক্সিগুৰি গাঁৱত আনিচুৰ ৰহমান (১৯) নামৰ বাইক আৰোহীজনে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত দুৰ্ঘটনা সংঘটিত হয়। পাছত তেওঁক ততাতৈয়াকৈ তামাৰহাট প্ৰাথমিক চিকিৎসা লয়ত নিয়া হয় যদিও তেওঁৰ মৃত্যু হয়। আনিচুৰ ৰহমান তালোৱা গাঁৱৰ ওমৰ আলীৰ পুত্ৰ বুলি জানিব পৰা গৈছে।
Responsive Ads Here
Tuesday, August 28, 2018
তামাৰহাটত পথ দুৰ্ঘটনা , এজন নিহত
Tags
# আঞ্চলিক
Share This
About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)


No comments:
Post a Comment