ভূত বাংলোত পৰিণত হলৌখোৱা পশু চিকিৎসা কেন্দ্ৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Wednesday, August 08, 2018

ভূত বাংলোত পৰিণত হলৌখোৱা পশু চিকিৎসা কেন্দ্ৰ


কাৰ্বি আংলং : কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ দেওপানী স্বায়ত্ত পৰিষদীয় সমষ্টিৰ অন্তৰ্গত হলৌখোৱা পশু চিকিত্সা কেন্দ্ৰটো এতিয়া ভূত বাংলোত পৰিণত হৈছে। বহু বছৰ আগতেই স্থাপিত হোৱা পশু চিকিত্সা কেন্দ্ৰটো স্থাপনৰ পাছত দুবছৰমান চিকিত্সা সেৱা ৰাইজে লাভ কৰিছিল যদিও ৰহস্যজনক কাৰণত তাৰ পাছৰ পৰা ৰাইজ বঞ্চিত হ’ব লগা হয়।
অভিযোগ অনুসৰি তেতিয়াৰ পৰা আজিলৈকে এজনো কৰ্মচাৰীক ৰাইজে লগ পোৱাৰ সৌভাগ্য হোৱা নাই। উল্লেখযোগ্য যে হলৌখোৱা হ’ল প্ৰধানকৈ কৃষিৰ ওপৰতেই নিৰ্ভৰশীল বোকাজান মহকুমাৰ অতি পিছপৰা অঞ্চল। পশু চিকিত্সা কেন্দ্ৰটো স্থাপনৰ ফলত কাষৰীয়া কেইবাখনো গাঁৱৰ কৃষকসকল পশুধনৰ বিভিন্ন ৰোগৰ চিকিত্সাৰ বাবে যথেষ্ট পৰিমাণে উপকৃত হৈছিল। এতিয়া পশু চিকিত্সা কেন্দ্ৰটো বছৰৰ পাছত বছৰ ধৰি বন্ধ হৈ থকাত স্থানীয় কৃষক ৰাইজে পশুধন বেমাৰ-আজাৰত আক্ৰান্ত হ’লে ক’লৈ নিব, ক’ত চিকিত্সা কৰাব তাক লৈ সদায় বিপাঙত পৰা পৰিলক্ষিত হৈছে। অনতিপলমে বিভাগীয় কৰ্তৃপক্ষ আৰু স্বায়ত্ত পৰিষদক পশু চিকিত্সা কেন্দ্ৰটো কাৰ্যক্ষম কৰি কৃষক ৰাইজক উপকৃত কৰিবলৈ বৃহত্তৰ অঞ্চলটোৰ কৃষক ৰাইজে দাবী জনাইছে।

No comments:

Post a Comment

SPONSORED