তিতাবৰ : ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ গৃহ সমষ্টি তিতাবৰৰ বগাৰ গাঁৱৰ পৰা চকীয়াল অঞ্চল সংযোগী গড়কাপ্তানী বিভাগৰ অতি গুৰুত্বপূৰ্ণ পথটো অতিশয় জৰাজীৰ্ণ হৈ পৰিছে। প্ৰায় ৬ কিল’মিটাৰ দৈৰ্ঘ্যৰ উক্ত জৰাজীৰ্ণ পথটো ঠায়ে ঠায়ে সাধাৰণ এজাক বৰষুণতে পানীত বুৰ যায়। বহুকেইখন গাঁও, শিক্ষানুষ্ঠান, চিকিত্সালয়, চৰকাৰী কাৰ্যালয়, হাট-বজাৰ তথা তিতাবৰ আৰু যোৰহাট নগৰ সংযোগী যাতায়তৰ একমাত্ৰ পথটোৰ আজি পৰ্যন্ত উন্নয়ন নকৰাৰ বাবে অঞ্চলবাসী ক্ষুব্ধ হৈ পৰিছে।
সম্প্ৰতি জৰাজীৰ্ণ পথটোৱেদি অতিক্ৰম কৰিবৰ বাবে স্থানীয় ৰাইজে পথটোৰ ওপৰত তামোল গছৰ সাঁকো পাৰি দিবলগা দৃশ্যও উপলব্ধ। জৰাজীৰ্ণ পথটোত ইতিপূৰ্বে একাধিক দুৰ্ঘটনাও সংঘটিত হৈছে। সেয়েহে ক্ষোভিত-বঞ্চিত ৰাইজে হাতে হাতে জাকৈ-খালৈ লৈ আহি পানীৰে পৰিপূৰ্ণ জৰাজীৰ্ণ পথটোৰ ওপৰত মাছ মৰাৰ লগতে ভূঁই ৰুই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ক্ষোভিত ৰাইজে ‘আমাক ৰাস্তা লাগে’, ‘আমাৰ দাবী মানিবই লাগিব’, ‘গড়কাপ্তানী বিভাগ হুঁচিয়াৰ’ আদি বিভিন্ন শ্ল’গান দি পৰিস্থিতি উত্তপ্ত কৰি তোলে। ইপিনে পথ নিৰ্মাণ নোহোৱা পৰ্যন্ত অঞ্চলবাসীয়ে পঞ্চায়ত অথবা যিকোনো ধৰণৰ নিৰ্বাচন বর্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।


No comments:
Post a Comment