গুৱাহাটী : বিদেশীৰ ইছ্যুত স্থিতিহীনতাক লৈ কংগ্রেছ সমালোচনাৰ সন্মুখীন হোৱাৰ সময়তে বিৰোধী দলপতি দেৱব্রত শইকীয়াই দাবী কৰিছে যে কংগ্রেছ চৰকাৰৰ আমোলতহে অধিকসংখ্যক বিদেশীক বিতাড়িত কৰা হৈছে৷ আজি এখন সংবাদমেল আয়োজন কৰি বিৰোধী দলপতি দেৱব্রত শইকীয়াই দাবী কৰে যে এন আৰ চিক লৈ কংগ্রেছে ৰাজনীতি কৰা নাই৷ কেন্দ্র আৰু ৰাজ্যৰ বিজেপি চৰকাৰেহে ৰাজনীতি কৰি আছে৷
কংগ্রেছ চৰকাৰৰ আমোলত ৪২ হাজাৰ বিদেশী বহিষ্কৰণৰ বিপৰীতে বিজেপি চৰকাৰৰ আমোলত মাত্র ১৬০০ বিদেশীকহে বিতাড়ন কৰা হৈছে বুলি দেৱব্রত শইকীয়াই প্রকাশ কৰে৷ সংবাদমেলত বিৰোধী দলপতিয়ে অভিযোগ কৰে যে বিজেপিয়ে বাংলাদেশী প্রসংগত দুমুখীয়া নীতি গ্রহণ কৰিছে৷ ‘এন আৰ চি ৰূপায়ণৰ কৃতিত্ব দাবী কৰা বিজেপি চৰকাৰ একে সময়তে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰো সমর্থক৷ বিজেপিয়ে আগয়ে দুমুখীয়া নীতি ত্যাগ কৰক৷’– এইদৰে কয় দেৱব্রত শইকীয়াই৷ এন আৰ চিক ৰাজনৈতিক ৰহণ সানি বিজেপিয়ে ২০১৯ চনৰ লোক সভাৰ নির্বাচনত ইছু্য বনাব বিচাৰিছে বুলিও শইকীয়াই অভিযোগ কৰে৷
অসম চুক্তিৰ প্রতি কংগ্রেছৰ দায়বদ্ধতা বেছি বুলি দাবী কৰি দেৱব্রত শইকীয়াই কয় যে এন আৰ চিক লৈ চলা ৰাজনীতি বন্ধ হ’ব লাগে৷ সংবাদমেলত বিৰোধী দলপতি শইকীয়াই বাহাদুৰ গাঁওবুঢ়াৰ পৰিনাতি, প্রাক্তন ৰাষ্ট্রপতি ফখৰুদ্দিন আলী আহমেদৰ পৰিয়ালৰ নাম এন আৰ চিৰ খচৰা তালিকাত সন্নিৱিষ্ট নোহোৱাত তীব্র অসন্তুষ্টি ব্যক্ত কৰিছে৷ এন আৰ চি উন্নীতকৰণ প্রক্রিয়াত হোৱা হেমাহিৰ বাবে এনে ভুল ৰৈ গ’ল বুলি দেৱব্রত শইকীয়াই কয়৷ খচৰা তালিকাত বহু ভাৰতীয়ৰ নাম বাদ পৰা বুলি দাবী কৰি বিৰোধী দলপতি শইকীয়াই সম্পূর্ণ তালিকাৰ পৰা যাতে এজনো প্রকৃত ভাৰতীয়ৰ নাম বাদ নপৰে সেয়া নিশ্চিত কৰিবলৈ এন আৰ চি কর্তৃপক্ষৰ ওচৰত দাবী জনায়৷ বিৰোধী দলপতিয়ে লগতে অভিযোগ কৰে যে চৰকাৰে বিদেশীৰ অপবাদ লৈ থকা পুৰণি মানুহখিনিকে ন্যায় দিব পৰা নাই৷ তেনে সময়তে নতুনকৈ একাংশক নাগৰিকত্ব দিব বিচাৰিছে৷


No comments:
Post a Comment