ববী মাউতৰ বাঁহৰ গাড়ীলৈ স্বীকৃতি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, August 18, 2018

ববী মাউতৰ বাঁহৰ গাড়ীলৈ স্বীকৃতি


ডিমৌ : ডিমৌৰ কাষৰীয়া মৰাণ সমষ্টিৰ শিলপোতা গাঁৱৰ নিবাসী শিল্পী ববী মাউতে নির্মাণ কৰি উলিওৱা বাঁহৰ গাড়ী ‘অভিনৱ’ক স্বীকৃতি প্রদান কৰিছে অসম বুক অব ৰেকৰ্ডছে৷ অসমৰ লগতে ৰাষ্ট্রীয়, আন্তঃৰাষ্ট্রীয় পর্যায়ৰ উদ্ভাৱনী কর্মক স্বীকৃতি প্রদানকাৰী সংস্থাটোৱে শিল্পী ববী মাউতৰ কর্মক স্বীকৃতি জনাই ‘অভিনৱ’ক তেওঁলোকৰ ৰেকৰ্ড বুকত স্থান দিছে৷ সংস্থাটোৱে যোৱা ৫ আগষ্টত এই স্বীকৃতি প্রদান কৰে৷

এই সন্দৰ্ভত অসম বুক অব ৰেকৰ্ডছৰ প্রতিষ্ঠাপক মনজিত্‍ শর্মাই কয় যে তেওঁলোকে ৰাজ্যৰ লগতে ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ত ব্যতিক্রমী উদ্ভাৱনী কর্মক শ্রদ্ধা জনাই আহিছে আৰু ববী মাউতৰ ‘অভিনৱ’ নামৰ বাঁহৰ তিনিচকীয়া গাড়ীখনক স্বীকৃতি দিবলৈ পাই সুখী হৈছে৷ মনজিত্‍ শর্মাই ববী মাউতলৈ শুভেচ্ছা জ্ঞাপন কৰে আৰু তেওঁৰ এই বাঁহৰ গাড়ীয়ে আন্তঃৰাষ্ট্রীয় পর্যায়ত সন্মান লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰে৷ তেওঁ ববী মাউতকে ধৰি বর্তমানলৈকে মুঠ ৩৮ গৰাকী উদ্ভাৱনকাৰীক স্বীকৃতি দিয়া বুলি প্রকাশ কৰে আৰু ৰাজ্য চৰকাৰে এনে ব্যতিক্রমী উদ্ভাৱনকাৰীসকলক বিশেষ সন্মান প্রদান কৰিব বুলি আশা ব্যক্ত কৰে৷

উল্লেখযোগ্য যে, মৰাণ সমষ্টিৰ অতি ভিতৰুৱা শিলপোতাৰ ববী মাউত নামৰ ব্যক্তি গৰাকীয়ে ২০১৫ চনতে বিক্রম গাড়ীৰ ইঞ্জিন ব্যৱহাৰ কৰি আঠ ফুট দৈৰ্ঘ্য আৰু ৪.৫ ফুট উচ্চতাৰ বাঁহৰ গাড়ীখন নির্মাণ কৰিছিল৷ ২০১৮ বর্ষৰ আৰম্ভণিতে পুনৰ সংবৰ্ধন কৰি সুন্দৰকৈ সাজি উলিওৱা গাড়ীখনৰ সম্পূৰ্ণ বডি, ব্রে’ক, ‌ষ্ট‌িয়াৰিং, তেলৰ টেংকী, এক্সেলেৰেটৰ, ছীট সকলো বাঁহেৰে তৈয়াৰী৷ এই গাড়ীখন প্রতি ঘণ্টাত বিছ কিল’মিটাৰ বেগত চলাচল কৰিব পাৰে আৰু প্রতিলিটাৰত বাৰ কিল’মিটাৰ পথ অতিক্রম কৰিব পাৰে৷ ইতিমধ্যেই সমগ্র শিলপোতা, মৰাণ, ডিব্রুগড় পৰিভ্রমণ কৰা ‘অভিনৱ’ নামৰ বাঁহৰ গাড়ীখনত উঠি বহুতেই আনন্দ লাভ কৰ‌িছে আৰু গাড়ীখনে সকলোৰে দৃষ্টি আকর্ষণ কৰ‌িছে।

No comments:

Post a Comment

SPONSORED