লখিমপুৰ : লখিমপুৰ জিলাৰ অন্তৰ্গত, অগপৰ বিধায়ক উৎপল দত্তৰ সমষ্টিৰ মাজুলীৰ সীমান্তৱৰ্তী লুইত-খাবলু অঞ্চলৰ যাতায়াতৰ শোচনীয় অৱস্থাৰ বাবে অঞ্চলটোৰ ৩৩ হাজাৰ লোকে একবিংশ শতিকাৰ এই সময়তো এক যন্ত্ৰণাকাতৰ জীৱন যাপন কৰিবলগীয়া হৈছে। বিশেষকৈ অঞ্চলটোলৈ এম্বুলেন্স নোযোৱাৰ বাবে এতিয়ালৈকে কেইবাগৰাকীও লোকে সময়ত উপযুক্ত চিকিৎসা নোপোৱাৰ ফলত অকাল মৃত্যু সাবটিত ল'বলগীয়াৰ দৰে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে। শেহতীয়াকৈ সেই অঞ্চলৰে এগৰাকী গৰ্ভৱতী মহিলাক এম্বুলেন্সৰ ঠাইত ঠেলা গাড়ীৰে গড়মূৰ চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়াৰ হোৱাৰ দৰে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হোৱাৰ পাছত আজি আকৌ এগৰাকী প্ৰবক্তাই বিনা চিকিৎসাৰেই মৃত্যুক সাবটি ল'বলগীয়া হ'ল। ঘটনাৰ বিৱৰণী অনুসৰি লুইত-খাবলু অঞ্চলৰ বাসিন্দা গড়মূৰ পীতাম্বৰ দেৱ মহাবিদ্যালয়ৰ প্ৰবক্তা সুশীল কুমাৰ পায়েঙে মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভালৈ বুলি ওলাই আহি হঠাৎ উচ্চ ৰক্তচাপজনিত সমস্যাত আক্ৰান্ত হয়।এম্বুলেন্স যাব নোৱৰাৰ বাবে লখিমপুৰৰ সীমান্তৱৰ্তী পাথৰিচুকৰ পৰা চাৰি কিল'মিটাৰ ঠেলা গাড়ীৰে অসুস্থ প্ৰবক্তা গৰাকীক অনা হৈছিল যদিও, প্ৰবক্তা গৰাকীয়ে মৃত্যুক সাবটি লয়। পাছত মহাবিদ্যালয়ৰ ছাত্র-ছাত্রীসকলে সাঙীত উঠাই সমদল কৰি প্ৰবক্তা গৰাকীৰ মৃতদেহ ঘৰলৈ লৈ যায়। বিকাশ, উন্নয়ন, পৰিৱৰ্তনক ভ্ৰুকুটি কৰা এই ঘটনাই অগপ বিধায়ক উৎপল দত্তৰ সমষ্টিৰ উন্নয়নৰ ফোপোলা স্বৰূপ আকৌ এবাৰ উদঙাই দিলে বুলি বিভিন্ন জনে মন্তব্য কৰিছে।
Responsive Ads Here
Saturday, August 18, 2018
ঠেলা গাড়ীৰে চিকিৎসালয়লৈ আনোতে মৃত্যু প্ৰবক্তাৰ
Tags
# আঞ্চলিক
Share This
About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)


No comments:
Post a Comment