মৰিগাঁৱত জাতীয় ঐক্য মঞ্চৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, August 18, 2018

মৰিগাঁৱত জাতীয় ঐক্য মঞ্চৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন

মৰিগাঁও : মধ্য অসমত বসবাস কৰা তিৱা লগতে অন্যান্য খিলঞ্জীয়া জনগোষ্ঠীৰ লোকৰ আৰ্থ সামাজিক, ৰাজনৈতিক আৰু ভাষা সংস্কৃতিৰ বিকাশৰ লক্ষ্যৰে ২০১৩ চনৰ ১৮ আগষ্টত জন্মগ্ৰহণ কৰা জাতীয় ঐক্য মঞ্চৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয়। মৰিগাঁও সদৰ বিহুতলিত অনুষ্ঠিত কৰা সভাৰ আৰম্ভনি হয় পোৱা ৯ বজাৰ পতাকা উত্তোলনেৰে। পতাকা উত্তোলন কৰে জাতীয়ঐক্য মঞ্চৰ কেন্দ্ৰীয় সভাপতি খগেন চন্দ্ৰ বৰদলৈয়ে, ৯.৩০ বজাত স্মৃতি তৰ্পণ কৰে জাতীয় ঐক্য মঞ্চৰ কেন্দ্ৰীয় কাৰ্যকাৰী সভাপতি জীৱন চন্দ্ৰ কোঁৱৰে। ১১ বজাত মুকলি সভাৰ সভাপতিত্ব কৰে জাতীয় ঐক্য মঞ্চৰ সভাপতি খগেন চন্দ্ৰ বৰদলৈয়ে।
উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্ত আৰু সন্মানিয় অতিথি হিচাপে উপস্থিত থাকে মৰিগাঁও সদৰ সমষ্টি বিধায়ক ৰমাকান্ত দেউৰী।লগতে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে তিৱা স্বায়ত্ব পৰিষদৰ কেবাগৰাকী সদস্য-সদস্যা। প্ৰায় পাঁচ শতাধিক লোকৰ সমাগমেৰে সভাৰ সফল সমাপ্তি কৰে।

No comments:

Post a Comment

SPONSORED