বৰপেটাৰ মুল্লা মেডিকেল ষ্টোৰত মুন্না ভাই এমবিবিএছ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, August 18, 2018

বৰপেটাৰ মুল্লা মেডিকেল ষ্টোৰত মুন্না ভাই এমবিবিএছ


বৰপেটা : ৰাজ্যত এতিয়াও অব্যাহত আছে ভূৱা চিকিৎসকৰ দপদপনি৷ বৰপেটাৰ পাকা বেতৰীত আটক হল মুন্না ভাই এমবিবিএছ! বৰপেটা জিলাৰ পাকাবেতবাৰীত শনিবাৰে এখন ফাৰ্মাচীত ৰোগী চাই থকা অৱস্থাত এগৰাকী ভূৱা চিকিৎসক ধৰা পৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ভূৱা চিকিৎসক গৰাকী হৈছে বিহাৰৰ পাটনাৰ অৰুণ কুমাৰ। পাটনাৰ অমন অভিষেক পলিক্লিনিকৰ চিকিৎসক ডা০ অৰুণ কুমাৰ প্ৰসাদৰ নামত পাকাবেতবাৰীত মুল্লা মেডিকেল ষ্টোৰ নামৰ ফাৰ্মাচীত মাচুল লৈ শুক্ৰবাৰৰ পৰা চাই আহিছে ৰোগী।
সাংবাদিকৰ পাঁচজনীয়া দল এটাই ভূৱা ডাক্তৰ গৰাকীক অনুসন্ধান চলাই হাতে-লোটে ধৰা পেলায়। সাংবাদিকৰ দলটোত আছিল আনিছুজ জামান, নজৰুল ইছলাম, ছাহেদ আলী আহমেদ, ৰফিকুল ইছলাম খান, আৰু প্ৰদীপ কুমাৰ সৰকাৰ। নিজকে ভূৱা ডাক্তৰ বুলি অৰুণ কুমাৰে সাংবাদিকৰ কেমেৰাৰ আগত স্বীকাৰ কৰে।
ৰাইজৰ সহযোগত ভূৱা ডাক্তৰগৰাকীক বৰপেটাৰ আৰক্ষীক চমজাই দিয়ে। উক্ত ভূৱা চিকিৎসকৰ দ্বাৰা সংঘটিত চিকিৎসা কাণ্ডত বৰপেটা চহৰৰ নিৰ্ক আৰু ফ'কাছ পৰীক্ষাগাৰ কৰ্তৃপক্ষ দুটাও জড়িত থকা ঘটনা পোহৰলৈ আহিছে।



No comments:

Post a Comment

SPONSORED