পানেৰীত প্ৰসাদত বিষক্ৰিয়া,শতাধিক লোক অসুস্থ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, August 18, 2018

পানেৰীত প্ৰসাদত বিষক্ৰিয়া,শতাধিক লোক অসুস্থ


ওদালগুৰি : ওদালগুৰি জিলাৰ পানেৰী থানাৰ অন্তৰ্গত পূব পানেৰীৰ পানবস্তিৰ ৰাজহুৱা নামঘৰত কালি নিশা গাঁওখনৰ নকুল পাটোৱাৰী নামৰ লোকজনৰ পৰিয়ালে আগবঢ়োৱা প্ৰসাদ খাই তেৰটি শিশুসহ শতাধিক লোক পেটৰ বিষ আৰু বমিত আক্ৰান্ত হৈ পানেৰী উপস্বাস্থ্য কেন্দ্ৰত ভৰ্তি হ’বলগীয়া হয় ৷ প্ৰসাদত ব্যৱহাৰ কৰা পিঠাগুৰিৰ লাড়ুৰ পৰা বিষক্ৰিয়া হোৱা বুলি সন্দেহ কৰা ঘটনাটোত আক্ৰান্ত লোকসকলক পুৱতি নিশাৰে পৰা পানেৰী স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰা হৈছে যদিও স্বাস্থ্যকেন্দ্ৰটোত পৰ্যাপ্ত চিকিত্সক নথকাত অসুস্থ লোকসকলক চিকিত্সা সেৱা আগবঢ়োৱাত সমস্যাৰ সৃষ্টি হৈছে৷ অসুস্থসকলৰ মাজৰ কেইবাজনৰো স্বাস্থ্যৰ অধিক অৱনতি ঘটাত উন্নত চিকিত্সাৰ বাবে টংলা আৰু মঙলদৈৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷


No comments:

Post a Comment

SPONSORED