কামপুৰ : এক নিদাৰুণ হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে নগাঁৱত৷ প্ৰেমৰ বাবে এগৰাকী যুৱতীয়ে প্ৰাণ দিবলগা হ’ল নিজ মাতৃ আৰু ভাতৃৰ হাতত৷নৰপিশাচ ভাতৃ আৰু মাতৃৰ লাঠিৰ কোবত প্ৰাণ গ’ল এগৰাকী যুৱতীগৰাকীৰ ।কাৰণটো হ’ল ঘৰৰ অনুমতি অবিহনে বিবাহ হৈছিল যুবতী গৰাকৰ। নগাঁৱৰ কঠিয়াতলী আৰক্ষী চকীৰ অৰ্ন্তগত শৃঙ্গাপট্ৰিত ঘটে এই জঘন্য ঘটণা। জানিব পৰা মতে শৃঙ্গাপট্ৰিৰ তাজমিনা বেগম নামৰ যুৱতীগৰাকীয়ে ডবকাৰ জাব্ৰাখোৱাৰ সুজিৎ খান নামৰ এজন যুৱকলৈ ঈদৰ দিনা ঘৰৰ অনুমতি অবিহনে পলাই গৈছিল ।দেওবাৰে যুৱকজনে আহি যুৱতীগৰাকীক ঘৰত চমজাই দিছিল। এই কথাকে লৈ ঘৰখনত অশান্তি হৈ থকাৰ পিছত সোমবাৰে পুৱাই চৰফত আলি আৰু মাতৃ চাহাৰা খাতুনে মিলি লাঠিৰে কোবাই কোবাই হত্যা কৰে তাজমিনাক৷
Responsive Ads Here
Monday, August 27, 2018
প্ৰেমৰ অমতৰ বাবেই নিজ মাতৃ আৰু ভাতৃয়ে কোবাই কোবাই প্ৰাণ ল’লে যুৱতীৰ
Tags
# আঞ্চলিক
Share This
About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)


No comments:
Post a Comment