ধৰ্মপুৰত ভাগি পৰিল কাঠৰ দলং, বুঢ়াদিয়াৰ দুই পাৰৰ যোগাযোগ বিচ্ছিন্ন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, August 17, 2018

ধৰ্মপুৰত ভাগি পৰিল কাঠৰ দলং, বুঢ়াদিয়াৰ দুই পাৰৰ যোগাযোগ বিচ্ছিন্ন


নলবাৰী : নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিত কালি পুৱতি নিশা ঘটিল এক অঘটন। সমষ্টিৰ ক্ষেত্ৰী ধৰ্মপুৰ মৌজাৰ আমনি বাবাৰ থান আৰু উত্তৰ আমনি, পূৰ্ণি, বৰপিত, সাহপুৰ, গামাৰিমূৰীকে ধৰি এক বৃহত্‍ অঞ্চল সংযোগী বুঢ়াদিয়া নৈৰ ওপৰত থকা কাঠৰ দলংখন ভা‌গ‌ি পৰে। দীৰ্ঘদিন মেৰামতি নোহোৱাত দলংখনৰ দক্ষিণৰ অংশটো এক প্ৰচণ্ড শব্দ কৰি নিজে নিজে বহি যায় । ফলত দুয়ো পাৰৰ ৰাইজৰ যাতায়াত বিঘ্নিত হৈ পৰিছে।

স্থানীয় ৰাইজৰ অভিযোগ মতে, প্ৰাক্তন কংগ্ৰেছী মন্ত্রী নীলমণি সেন ডেকাৰ কাৰ্যকালত চাৰি বছৰ পূৰ্বে এই দলংখন অতি নিম্নমানৰ কাঠ আৰু পুৰণা লোহাৰ বীমেৰে নিৰ্মাণ কৰাৰ ফলত দলংখন কমদিনৰ ভিতৰতে আজি এনেদৰে ভাগ‌ি পৰে। স্থানীয় দুই পাৰৰ ৰাইজে তাত এখন পকী দলং শীঘ্ৰে নিৰ্মাণৰ দাবী উত্থাপন কৰিছে।








No comments:

Post a Comment

SPONSORED