কলিয়াপানী ব্লকত টীয়ক আছুৰ তলা বন্ধ কাৰ্যসূচী - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, August 17, 2018

কলিয়াপানী ব্লকত টীয়ক আছুৰ তলা বন্ধ কাৰ্যসূচী


টীয়ক : টীয়ক বিধানসভা সমষ্টিত শিপিনীৰ বাবে আবণ্টিত সূতা আৰু তাঁতশাল বিতৰণত ব্যাপক অনিয়ম হোৱাৰ কথা দীৰ্ঘদিনীয়া। ২০১৬-১৭ বৰ্ষৰ বিধায়ক উন্নয়ন পুঁজিৰ প্রায় ১৫ লাখ টকা সূতা-তাঁতশাল বিতৰণৰ নামত নামমাত্ৰ বিতৰণ কৰি পুঁজি আত্মসাত্‍ কৰাৰ অভিযোগ টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ৷ জিলা উপায়ুক্ত আৰু মুখ্যমন্ত্ৰীলৈ যোৱা ২ আগষ্টত ১৫ দিনৰ সময়সীমা বান্ধি দি ছাত্ৰ সন্থাই এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰি শ্বেতপত্ৰ প্ৰকাশ কৰাৰ লগতে এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছিল। কিন্তু কলিয়াপানী উন্নয়ন খণ্ড আৰু মধ্য যোৰহাট উন্নয়ন খণ্ডত হোৱা এই কেলেংকাৰীৰ সম্পৰ্কত জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আজি টীয়ক আঞ্চলিক ছাত্ৰ সন্থাই কলিয়াপানী উন্নয়ন খণ্ডৰ মূল প্ৰৱেশদ্বাৰত তলা ওলমাই প্ৰতিবাদ সাব্যস্ত কৰে।

পাছত ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া ভাস্কৰজ্যোতি ৰাজবংশীয়ে ১০দিনৰ ভিতৰতে কেলেংকাৰী তদন্ত কৰাৰ আশ্বাস দিয়াৰ পাছত তলা বন্ধ কাৰ্যসূচী উঠাই লোৱা হয়৷ উক্ত কাৰ্যসূচীত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগ, সাংগঠনিক সম্পাদক নয়নজ্যোতি নেওগৰ লগতে কাকজান আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

No comments:

Post a Comment

SPONSORED