কার্বি আংলঙত উচেছদ অভিযানত তীব্র উত্তেজনা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, March 09, 2019

কার্বি আংলঙত উচেছদ অভিযানত তীব্র উত্তেজনা

গুৱাহাটী : কার্বি আংলং-হোজাই জিলাৰ সীমান্তৰ লাংকাই-জানত যোৱা ২ মার্চৰ পৰা কার্বি আংলং স্বায়ত্তশাসিত পৰিষদে জিলা প্রশাসনৰ সহযোগত অবৈধ নাগৰিকৰ বিৰুদ্ধে উচেছদ অভিযান অব্যাহত ৰাখিছে৷

আজি পুৱা ৮ বজাৰ পৰা আৰক্ষী, অর্ধসামৰিক বাহিনী, বন বিভাগ আৰু জিলা প্রশাসনৰ উচচপদস্হ বিষয়া লাংকাইজানত উপস্হিত হৈ উচেছদ অভিযান আৰম্ভ কৰাৰ লগে লগে তিনি সহস্রাধিক সন্দেহযুত্তু লোকে উচেছদ অভিযানকাৰী দলটোৰ পথ অৱৰোধ কৰি বিভিন্ন ধৰণৰ শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে৷

অতিৰিত্তু উপায়ুত্তু নৰছিং বে’ আৰু জিলাৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ে প্রতিবাদকাৰীসকলক সেই স্হান ত্যাগ কৰি উচেছদ অভিযানত সহায় কৰিবলৈ বাৰম্বাৰ জনোৱা আহবানকো আওকাণ কৰি হোজাই জিলা প্রশাসন অবিহনে উচেছদ অভিযান চলাব নিদিয়ে বুলি সেই স্হানতে অৱস্হান কৰে৷ দিনৰ ১-৩০ বজাত হোজাই জিলা প্রশাসনৰ এগৰাকী অতিৰিত্তু উপায়ুত্তু, অতিৰিত্তু আৰক্ষী অধীক্ষক আৰু দণ্ডাধীশ উত্তু স্হানত আহি উপস্হিত হোৱাৰ সময়ত উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে সন্দেহযুত্তু নাগৰিকৰ একাংশই৷

ইয়াৰ ফলত আৰক্ষীয়ে লোকসকলক সেই স্হানৰ পৰা আঁতৰ কৰিবলৈ লাঠীচালনা কৰে৷ হোজাই জিলা কৃষক মুত্তিু সংগ্রাম সমিতিৰ সভাপতি কাছেম আলী আৰু হোজাই জিলাৰ এজন কংগ্রেছী নেতাৰ প্রৰোচনাত উচেছদিত ৰাইজে উচেছদ অভিযানকাৰী দলটোলৈ পাথৰ দলিয়াই পৰিৱেশ উত্তপ্ত কৰি তোলে৷

আৰক্ষী অধীক্ষকে পৰিস্হিতি নিয়ন্ত্রণ কৰি দুয়ো পক্ষক শান্ত কৰিবলৈ সক্ষম হয়৷ কৃষক মুত্তিু সংগ্রাম সমিতিয়ে দাবী জনায় যে যেতিয়ালৈকে উত্তু স্হানৰ প্রকৃত সীমা নির্ৰণ নহয়, তেতিয়ালৈকে সেই স্হানত উচেছদ অভিযান বন্ধ ৰাখিব লাগে৷ কিন্তু কার্বি আংলং ৰাজহ বিভাগে তেওঁলোকৰ হাতত থকা মেপ প্রদর্শন কৰি উত্তু স্হান কার্বি আংলঙৰ অন্তর্গত বুলি প্রদর্শন কৰিলেও তেওঁলোকে এই কথা মানি নলয় বুলি আঁকোৰগোজ হৈ থাকে৷

হোজাই জিলা প্রশাসন আৰু কার্বি আংলং জিলা প্রশাসনৰ উচচপদস্হ বিষয়াই উত্তু স্হানতেই আলোচনাত মিলিত হয় যদিও কোনো সমাধান সূত্র উলিয়াবলৈ সক্ষম নোহোৱাত আৰক্ষী প্রশাসনে উত্তু স্হানৰ কিছু নিলগত থকা কার্বি আংলঙৰ সীমাৰ ভিতৰৰ বেদখল উচেছদ কৰিবলৈ বন বিভাগ আৰু কার্বি আংলঙৰ ৰাজহ বিভাগক সহযোগ কৰে৷ ইয়াতো ক্ষুণ্ণ হৈ পৰে সন্দেহযুত্তু নাগৰিকসকল৷

তেওঁলোকৰ দাবী– আলোচনা চলি থকাৰ সময়ত কেনেকৈ প্রশাসনে উচেছদৰ অনুমতি প্রদান কৰিলে৷ আনহাতে, কার্বি আংলং জিলা প্রশাসনৰ উচচপদস্হ বিষয়াৰ সূত্রে জানিব পৰা মতে, উচেছদ অভিযানৰ পূর্বে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদ, কার্বি আংলং জিলা প্রশাসন আৰু হোজাই জিলা প্রশাসনৰ মাজত আলোচনা অনুষ্ঠিত হৈছিল আৰু এই আলোচনাৰ সিদ্ধান্তমর্মেই উচেছদ অভিযান চলোৱা হৈছিল৷ আজিৰ এই উচেছদ অভিযানৰ পাছত কার্বি আংলং আৰু হোজাই জিলা সীমান্তৰ উত্তু স্হানত তীব্র উত্তেজনাই বিৰাজ কৰা পৰিলক্ষিত হৈছে৷

SPONSORED