তেজপুৰত হিমন্ত বিশ্ব শর্মা প্রার্থী হোৱাটো প্রায় নিশ্চিত - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, March 09, 2019

তেজপুৰত হিমন্ত বিশ্ব শর্মা প্রার্থী হোৱাটো প্রায় নিশ্চিত

গুৱাহাটী : ডিব্রুগড়, লখিমপুৰ আৰু শিলচৰ সমষ্টিক বাদ দি অন্য সমষ্টিত সম্ভাব্য প্রার্থীৰ তালিকাৰযোগ-বিয়োগত ব্যস্ত হৈ আছে বিজেপি৷ ইতিমধ্যে কোনো কোনো প্রার্থীৰ নাম নির্বাচনৰ বাবে নিশ্চিত কৰিছে যদিও সমষ্টি নিশ্চিত নোহোৱাত নেতৃত্ব ঘনে ঘনে বৈঠকত মিলিত হৈছে৷


যোৱা নিশাও ৰাজ্যিক নেতৃত্বৰ এক অনানুষ্ঠানিক বৈঠক অনুষ্ঠিত হয় আৰু তাত সমষ্টি অনুযায়ী প্রার্থী ইফাল-সিফাল কৰাৰ কথাই বিবেচনা কৰে৷ এইবাৰ গেৰুৱা দলটোৱে মঙলদৈ সমষ্টিত প্রার্থী সলনি কৰিব বুলি বহু পূর্বৰ পৰা চর্ চলিছিল৷ কিন্তু কালি নিশাৰ পৰা সমীকৰণ পুনৰ সলনি হোৱাৰ কথা পোহৰলৈ আহিছে৷ কালিৰ এক সিদ্ধান্ত অনুসৰি মঙলদৈৰ সাংসদ ৰমেন ডেকা নিজ সমষ্টিতেই এইবাৰো প্রার্থী হ’ব৷

পূর্বে জয়ন্তমল্ল বৰুৱাক মঙলদৈত আৰু সাংসদ ৰমেন ডেকাক গুৱাহাটীত প্রক্ষেপ কৰিব বুলি কেন্দ্রীয় নেতৃত্বৰ সৈতেও আলোচনা চলিছিল৷ কিন্তু সাংসদ ৰমেন ডেকাই মঙলদৈ এৰিব বিচৰা নাই৷ সেয়ে এতিয়া জয়ন্তমল্ল বৰুৱাক গুৱাহাটীত প্রক্ষেপ কৰাৰ কথা ৰাজ্যিক নেতৃত্বই বিবেচনা কৰিছে৷ তাৰ মাজতেই আকৌ গুৱাহাটীৰ বাবে অন্য দুজন প্রার্থীৰ নাম দলে বিবেচনাত ৰাখিছে৷

মুখ্যমন্ত্রীৰ সৈতে থকা সু-সম্পর্কৰ বাবে ৰাজ্যিক মুখপাত্র ৰূপম গোস্বামী আৰু মহিলা প্রার্থী হিচাপে কুইন ওজাৰ নাম গুৱাহাটীৰ বাবে বিবেচনাত ৰাখিছে৷ অৱশ্যে তাতো আছে আন এক চর্ত৷ যদি অন্য কোনো সমষ্টিত মহিলা প্রার্থী প্রক্ষেপ কৰিব লগা হয়, তেন্তে কুইন ওজাৰ নাম গুৱাহাটীত বিবেচনাৰ পৰা বাতিল হ’ব৷ কিন্তু অন্য কোন সমষ্টিত মহিলা প্রার্থীৰ সম্ভাৱনা?

দলৰ এক সূত্রই সদৰী কৰা অনুসৰি যোৰহাটৰ প্রার্থীক লৈ দল এতিয়াও চূড়ান্ত হ’ব পৰা নাই৷ যোৰহাটৰ বর্তমানৰ সাংসদ কামাখ্যা প্রসাদ তাছাক লৈ ৰাইজ অসন্তুষ্ট হোৱাই নহয়, দলৰ ভিতৰচ’ৰাতো অসন্তুষ্টি গা কৰি উঠিছে৷ যাৰ বাবে বিকল্প প্রার্থীৰ সন্ধান যোৰহাটত অব্যাহত আছে৷ প্রথম অৱস্থাত মন্ত্রী তপন কুমাৰ গগৈ আৰু দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক পুলক গোহঁাইৰ নাম চর্ত আহিছিল যদিও শেহতীয়াকৈ মহিলা প্রার্থী হিচাপে শিৱসাগৰ জিলাৰ সভানেত্রী সুৰভি ৰাজকোঁৱৰৰ নাম চর্ত আহিছে৷

গতিকে গুৱাহাটী বা যোৰহাটত অন্তিম সময়ত কোনোবা মহিলা প্রার্থী প্রক্ষেপ কৰাৰ কথা দলে শেহতীয়াকৈ বিবেচনা কৰিছে৷ ইফালে, চর্ৰ শীর্ষত থকা ৰাজ্য চৰকাৰৰ মন্ত্রী তথা নেডাৰ আহবায়ক ড০ হিমন্ত বিশ্ব শর্মাই লোক সভাত প্রতিদ্বন্দ্বিতা কৰিব নে নাই, যদি কৰে কোন সমষ্টিৰ পৰা কৰিব, ইয়াক লৈ বিষয়টো প্রায় এমাহমান বিতর্কত থকাৰ সময়ত ড০ শর্মা তেজপুৰৰ প্রার্থী হ’ব বুলি একপ্রকাৰ নিশ্চিত হোৱা বুলি দলে দাবী কৰিছে৷

বিতর্কত সোমাই পৰা নগাঁৱৰ সাংসদ ৰাজেন গোহঁাইক পুনৰ প্রার্থিত্ব দিলে দলে এটা সমষ্টি হেৰুওৱাৰ আশংকা কৰি ইতিমধ্যে নগাঁৱৰ বাবেও এক বিকল্প সিদ্ধান্তৰ কথা দলে বিবেচনাত ৰাখিছে৷ কিন্তু কি সেই বিকল্প সিদ্ধান্ত? জনামতে নগাঁৱৰ বিধায়ক ৰূপক শর্মাক লোক সভাত প্রক্ষেপ কৰি বিজেপিৰ ভোট বিভাজন হোৱাটো ৰোধ কৰাৰ কৌশল কৰিছে৷ এইক্ষেত্রত সাংসদ গোহঁাই যাতে ক্ষুণ্ণ নহয় তাৰো আগতীয়াকৈ দলে এক পৰিকল্পনা কৰিছে৷

ৰূপক শর্মা সাংসদ নির্বাচিত হ’লে সাংসদ গোহঁাইৰ পুত্র নবাৰুণ গোহঁাইক উপ-নির্বাচনৰ জৰিয়তে বিধানসভালৈ নির্বাচিত কৰি আনিব৷ পাহাৰীয়া সমষ্টি ডিফুত বিদ্যাছিং ইংলেঙৰ কথা বিবেচনাত ৰাখিছে৷ অন্য সমষ্টিৰ ক্ষেত্রত ডিব্রুগড় আৰু লখিমপুৰত বর্তমানৰ সাংসদদ্বয় ক্রমে ৰামেশ্বৰ তেলী আৰু প্রদান বৰুৱাৰ বিকল্প প্রার্থীৰ কথা বিবেচনা কৰা নাই৷ সেইদৰে শিলচৰত ডাঃ ৰাজদ্বীপ ৰয়ৰ প্রার্থিত্ব একপ্রকাৰ নিশ্চিত কৰিছে৷

কৰিমগঞ্জ সমষ্টিত কৃষ্ণেন্দু পাল, বিজয় দাস আৰু বিধানসভাৰ উপাধ্যক্ষ কৃপানাথ মাল্লাক লৈ তিনিজনীয়া পেনেল কৰিছে৷ বাকী থকা সমষ্টিকেইটাৰ ভিতৰত কলিয়াবৰ, বৰপেটা আৰু ধুবুৰী অনিশ্চয়তাত ৰাখিছে৷ অগপৰ লগত মিত্রতা হ’লে উক্ত তিনিটা সমষ্টি এৰি দিয়াৰ প্রস্তাৱ দিছে বিজেপিয়ে৷ কিন্তু অগপই ধুবুৰী বিচৰা নাই৷ ধুবুৰীৰ পৰিৱর্তে মঙলদৈ বা তেজপুৰ দাবী কৰিছে৷ এক কথাত এটা সমষ্টিক কেন্দ্র কৰি অগপ-বিজেপিৰ মিত্রতা ওলমি আছে৷ ইফালে কোকৰাঝাৰত বি পি এফক বিজেপিয়ে সমর্থন আগবঢ়াব৷

SPONSORED