শ্বিলং ৰোডৰ কৰ্দযময় অৱস্থা : যমৰ-যাতনা ভূগিছে স্থানীয় ৰাইজে - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Monday, September 28, 2020

শ্বিলং ৰোডৰ কৰ্দযময় অৱস্থা : যমৰ-যাতনা ভূগিছে স্থানীয় ৰাইজে

শ্বিলং ৰোডৰ কৰ্দযময় অৱস্থ : যমৰ-যাতনা ভূগিছে স্থানীয় ৰাইজে 


ছাবিনা ইয়াছমিন : হোজাই জিলাৰ লংকা চহৰৰ মূল পথছোৱাই বাৰুকৈয়ে জ্বলা- কলা খোৱাইছে লংকাৰ বৃহত্তৰ এলেকাৰ ৰাইজক ৷এজাক বৰষুণতেই একাঁঠু পানী পোত যায় পথছোৱা। ফলত যাতায়তৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে বৃহত্তৰ অঞ্চলৰটোৰ ৰাইজে। লংকা, চামবৰীয়া, ইছলামবস্তি, দৈয়ং, মাইলো ,খেৰনী আানকি শ্বিলঙলৈ যোৱা এই মলূ পথছোৱাৰ এনে দুৰবস্থাৰ বাবে যমৰ-যাতনাত ভুগিছে স্কুল-কলেজৰ শ শ ছাত্ৰ-ছাত্ৰী তথা ৰাইজে, চাইকেলতো বাদেই খোজকাঢ়ি চলাচল কৰাটোও অনুপযোগী হৈ পৰিছে পথটোৰে। ইফালে এই পথছোৱাৰে কোনো জৰুৰীকালীন সেৱাৰ বাহনো যাব নোৱাৰে,ফলত ৰোগী আৰু গৰ্ভৱতী মহিলাৰ চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। সেয়েহে পথছোৱাৰ এনে বিধ্বস্ত ৰূপত অতিষ্ঠ ৰাইজে বাৰম্বাৰ প্ৰতিবাদ তথা আবেদন নিবেদন কৰিও কোনো সহাৰি লাভ কৰা নাই ৷ সেয়ে পথটো সোনকালে মেৰামতি কৰি দিবলৈ চৰকাৰ আৰু স্থানীয় জনপ্ৰতিনিধিক দাবী জনাইছে। অন্যথা ভোট বৰ্জনৰ হুংকাৰ দিয়ে ৰাইজে।

No comments:

Post a Comment

SPONSORED